সোণাৰিত বন্য হস্তীয়ে গছকি চুৰ মাৰ কৰিলে সপোনৰ পথাৰখন 

সোণাৰিত বন্য হস্তীয়ে ধ্বংস কৰিলে কৃষকৰ সপোন।

বন্য হস্তীয়ে গছকি চুৰ মাৰ কৰিলে সপোনৰ পথাৰখন

সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডৱ।সোণাৰিৰ ১৪ নং ৱাৰ্ডৰ থুকুবিলত বনৰীয়া হাতীয়ে নষ্ট কৰিলে খেতিপথাৰ।অভয়পুৰ বনাঞ্চলৰ পৰা নামি অহা প্ৰায় ৩৫/৪০ জনীয়া হাতীৰ জাকটোৱে নষ্ট কৰে স্থানীয় খেতিয়কৰ প্ৰায় ১৫ বিঘাৰো অধিক খেতিৰ মাটি।হাতী খেদোৱাৰ ক্ষেত্ৰত বন বিভাগে ব্যৱস্থা নোলোৱাৰ বাবে ক্ষোভিত স্থানীয় ৰাইজ।হাতীৰ জাকটোৱে স্থানীয় খেতিয়ক লক্ষ্মীৰাম কলিতা, থানেশ্বৰ শইকীয়া,লক্ষী দত্ত,খগেশ্বৰ দত্ত,দিলীপ দত্ত,জিতুল কলিতা,নিতুল কলিতা,ৰুবুল কলিতা,পুতুল কলিতা,অমৰজিত কলিতা,চন্দ্ৰকান্ত কলিতা আদি কৃষকৰ খেতি নষ্ট কৰে।