সোমবাৰে তিনিচুকীয়াৰ পানীতোলাৰ বৰুৱাহোলাত অসম গণ পৰিষদৰ বৰুৱাহোলা পঞ্চায়ত সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ণ আৰু অগপ দলৰ ভৱিষ্যত কাৰ্য্যপন্থা সন্দৰ্ভত আলোচনা কৰে ।
সভাখনত চাবুৱা বিধানসভা সমষ্টিৰ অগপৰ বিধায়ক পুনাকণ বৰুৱাৰ উপৰিও অগপৰ বহুকেইজন জেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।