আজি নামনিৰ চাৰি জিলাত পাঁচ ঘন্টাৰ বাবে কৰ্তন কৰা হয় বিদ্যুৎ সেৱা। 

বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং আৰু ধুবুৰী জিলাত বিদ্যুৎ সেৱা কৰ্তন কৰা হয়। 

ইতিমধ্যে পুৱা পাঁচ বজাৰ বিভিন্ন এলেকাত কৰ্তন কৰা হৈছে বিদ্যুৎ সেৱা। 

আসাম ইলেকট্ৰিচিটি গ্ৰীড কৰ্পৰেচনৰ চালাকাটি গ্ৰীডৰ অধীনৰ 220KV/ 132KV/33 KV ত জৰুৰী চাটডাউন দিব লগীয়া হোৱাৰ বাবে বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব বুলি এক বিজ্ঞপতিত প্ৰকাশ পাইছিল। 

আনহাতে গ্ৰাহক সকলক বিদ্যুৎ কৰ্তন সম্পৰ্কত আগতীয়া জাননী জাৰি নকৰাত অসন্তুষ্টি ব্যক্ত কৰিছে একাংশ গ্ৰাহকে। 

মবাইলত বিদ্যুৎৰ বিল প্ৰেৰণ কৰাৰ দৰে বিদ্যুৎ কৰ্তনৰ সম্পৰ্কীয় বাৰ্তাও গ্ৰাহক সকললৈ প্ৰেৰণ কৰিবলৈ দাবী জনাইছে।