সোণাৰিৰ সাপেখাতিত হুইল চেয়াৰত আহি পৰীক্ষাত অৱতীৰ্ণ হ'ল প্ৰাৰ্থী

ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰত দেওবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা ৷ কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই পৰীক্ষা অনুষ্ঠিত হয়৷ ৷ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰাৰ্থীসকলে দুই তৰপীয়া নিশ্চিদ্ৰ তালাচীৰ মাজেৰে প্ৰৱেশ কৰে পৰীক্ষা কেন্দ্ৰসমূহত ৷ চৰাইদেউ জিলা প্ৰশাসনৰ প্ৰত্যক্ষ তত্বাৱধানত স্থানীয় প্ৰশাসনে পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহন কৰে ৷ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত বিয়লি অনুষ্ঠিত হোৱা পৰীক্ষাত ভজোৰ ৰঙাপথাৰৰ বিতুপন গগৈ নামৰ এজন ছাত্ৰই মাতৃৰ সৈতে আহি উপস্থিত হয় পৰীক্ষা কেন্দ্ৰত ৷ বিশেষ ভাৱে সক্ষম ছাত্ৰ গৰাকীক ততালিকে চৰাইদেউ জিলাৰ চক্ৰ আৰক্ষী বিষয়া জ্যোতিময় গায়নে অতি তৎতপৰতাৰে গাড়ীৰ পৰা নমাই হুইল চকীত বহুৱাই আৰক্ষী বিষয়া গৰাকীয়ে নিজেই হুইল চকী ঠেলি পৰীক্ষাৰ কৌঠালৈ নি বহুৱাৰ লগতে এটি কলম উপহাৰ দি শুভেচ্ছা জনায় ৷ অতি মেধাবী ছাত্ৰ গৰাকীৰ ক্ষেত্ৰত আৰক্ষী বিষয়া গৰাকীয়ে লোৱা এই মহান পদক্ষেপক মাতৃ গৰাকীয়ে শলাগ জনোৱাৰ লগতে সকলোৱে এক মুখে আদৰণি জনাইছে ।