৩৭ বছৰীয়া সশস্ত্র সংগ্রাম এৰি মূলসুঁতিলৈ ঘূৰি অহা জীৱন মৰাণে শনিবাৰে সামৰণি মাৰিলে জীৱন নাটৰ ।

স্বাধীন অসমৰ স্বপ্ন দেখি ১৯৮৪ চনত বিদ্রোহী সংগঠনটোত যোগদান কৰিছিল জীৱন মৰাণে ।

*৩৭ বছৰে বিপ্লৱ বুকুত বান্ধি দুৰ্গম অৰণ্যত থকাৰ পিছত শাৰীৰিক অসুস্থতাৰ বাবেই মূলসুঁতিলৈ উভতি আহিছিল আলফাৰ উপ-সেনাধ্যক্ষগৰাকী ।

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা গুৱাহাটীৰ এপল' হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে আলফাৰ প্রাক্তন শীৰ্ষনেতা জীৱন মৰাণ ওৰফে বিনোদ অসমে ।