২৮ জুলাই, ২০২২:

বোকাখাত মহকুমা জনসংযোগ কাৰ্যালয়ৰ উদ্যোগত মহকুমা প্ৰশাসন সহযোগত আজি বোকাখাতস্থিত গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ আইদেউ সন্দিকৈ ভবনত দেশভক্তি দিৱস পালন কৰে। কাৰ্য সূচী অনুসৰি পুৱা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহকুমাধিপতি ডাঃ নেহা যাদবে। ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত মহকুমাধিপতি ডাঃ নেহা যাদব, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিজৰা বৰঠাকুৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, খণ্ড উন্নয়ন বিষয়া পাৰ্থজিত গগৈ, সহকাৰী আয়ুক্ত পাপু গগৈ, বোকাখাত মহকুমা জনসংযোগ বিষয়া নীৰা ৰায় আদিৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুখময় পুৰকায়স্থই অংশগ্রহণ কৰে। বোকাখাত মহকুমাৰ ছহিদ পৰিয়ালৰ সদস্য সকলক গছপুলি, গামোচা আদিৰে সন্মান জনোৱা হয়। উল্লেখযোগ্য যে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে

দেশভক্ত তৰুণৰাম ফুকনৰ ৮৩সংখ্যক মৃত্যু বাৰ্ষিকী দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰে বোকাখাতত :