কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ পৰা স্বহীদুল ইছলামৰ পুত্ৰ ৰাজু আহমেদ (২৭)ক ৬ শ ৪৮ খন পাঁচশ টকীয়া জাল নোটসহ মুঠ ৩ লাখ ২৪ হাজাৰ নকল টকাৰ সৈতে গ্ৰেপ্তাৰ কৰে। 

ধৃত ৰাজু আহমেদৰ ভাষ্য অনুসৰি জনতা গাঁৱৰ ছামচুল হকৰ পুত্ৰ ছাইফুদ্দিনে চৰকাৰৰ পৰা ৰেহাই মূল্যত পোৱা ৪ খন টেক্টৰ কমদামত কিনাৰ বাবদ ৭ লক্ষাধিক টকা প্ৰদান কৰিছিল। 

ট্ৰেক্টৰ যোগান ধৰিব নোৱাৰাত দুই মাহ পূৰ্বে ৰাজু আহমেদক উক্ত ৩ লাখ ৪৮ হেজাৰ নকল টকা ঘুৰাই দিয়ে। 

গোপন খবৰৰ ভিত্তিত আজি কলগাছিয়াৰ আৰক্ষীয়ে জাল নোটসহ ৰাজু আহমেদক গ্ৰেপ্তাৰ কৰে। 

উক্ত ধুৰন্ধৰ ছাইফুদ্দিনে এটা ফেচবুক পেজ খুলি নিজকে সাংবাদিক বুলি জহাই ফুৰা বুলি জানিব পৰা গৈছে। 

এই ঘটনাৰ লগত জড়িত বহু ৰৌ-বৰালী আৰক্ষী জালত পৰাৰ সম্ভাৱনা আছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে।