চিলাপথাৰৰ বেতনিপামত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আঞ্চলিক সমিতি গঠনঃ

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অন্তৰ্গত বেতনিপাম আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য আজি ৩নং বেতনিপাম নামঘৰৰ প্ৰাংগনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি ভূৱন চুতীয়াই । ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ চেতিয়াই সভাৰ উদেশ্যে ব্যাখ্যা কৰে । সভাত প্ৰথমেই এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে উপস্থিত ৰাইজৰ মাজতে সংগঠনৰ ফালৰ পৰা মাস্ক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে । সভাত মুখ্য অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়া উপস্থিত থাকি ৰাইজৰ উদ্দেশ্যি ভাষন প্ৰসংগত কয় - অসম অৰুণাচল সীমা সমস্যা স্হায়ী সমাধান কৰাৰ লগতে বিবাদমান অঞ্চলত কোনোধৰণৰ স্হায়ী নিৰ্মাণ কাৰ্য্য নচলাবলৈ অসম- অৰুণাচল দুয়োখন চৰকাৰলৈ আহ্বান জনায়। উল্লেখ্য যে , ৰাইজৰ সন্মতি ক্ৰমে আহ্বায়ক সমিতিৰ গোপাল চাংমাই সভাপতি, নৰেশ্বৰ গগৈক কাৰ্যকৰী সভাপতি, ৰজনী ফুকনক সাধাৰণ সম্পাদক, তিলেশ্বৰ গোঁহাইক সহ-সম্পাদক হিচাপে লৈ এখনি ৩১ জনীয়া শক্তিশালী জাতীয়তাবাদী যুৱ পৰিষদৰ বেতনিপাম আঞ্চলিক সমিতি গঠন কৰা হয়। একেদৰে উক্ত সভাতে সভানেত্ৰী সম্পাদিকা ক্ৰমে অৱনিতা গোঁহাই, ৰিজুমণি চাংমাইক লৈ জাতীয়তাবাদী যুৱ পৰিষদৰ ৩১ জনীয়া এখন শক্তিশালী বেতনিপাম মহিলা আঞ্চলিক সমিতি গঠন কৰা হয় ।