শিৱসাগৰ প্ৰেছ ক্লাৱত আজানপীৰ দৰগাহৰ পূৰ্বৰ পৰিচলনা সমিতিৰ সংবাদমেল
তদৰ্থ সমিতিৰ ক্ষমতাকেন্দ্ৰিক যুজ-বাগৰত অচল শিৱসাগৰৰ ঐতিহাসিক আজানপীৰ দৰগাহ : সংবাদ মেল যোগে বিত্তীয় কেলেংকাৰীৰ বিস্ফোৰক অভিযোগ পূৰ্বৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তাৰ | ক্ষমতাকেন্দ্ৰিক যুজ-বাগৰত অচল হৈ পৰা শিৱসাগৰৰ সমন্বয়ৰ প্ৰতীক হজৰত আজানপীৰ দৰগাহক লৈ পুনৰ বিতৰ্কৰ সুত্ৰপাত । শিৱসাগৰ প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত শণিবাৰে এক সংবাদ মেল সম্বোধন কৰি কোটি কোটি টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ পূৰ্বৰ পৰিচালনা সমিতিৰ সৈতে জড়িত তিনি কৰ্মকৰ্তাৰ । দৰগাহ দান পাত্ৰত জমা হোৱা কোটি কোটি টকাৰ নাই কোনো হিচাব । সম্পাদক গৰাকীয়ে ১৩ বছৰে নিদিলে দৰগাহলৈ ৰাইজে আগবঢ়োৱা ধন আৰু দান পাত্ৰত জমা হোৱা ধনৰ হিচাব । ইয়াৰোপৰি প্ৰতি বছৰে উৰুছৰ সময়ত ৰাইজে আগবঢ়োৱা লক্ষ্য লক্ষ্য টকাৰ হিচাব ৰাজহুৱা নকৰাৰ অভিযোগ উত্থাপন সম্পাদকৰ বিৰুদ্ধে । দৰগাহত সংঘটিত ব্যাপক বিত্তীয় অনিয়মৰ তদন্ত চি বি আইক অৰ্পন কৰাৰ দাবী চৰকাৰক । নৱ গঠিত তদৰ্থ সমিতি সন্দৰ্ভতো বিতৰ্কৰ সুত্ৰপাত । তদৰ্থ সমিতিয়ে ক্ষমতাৰ অপ প্ৰয়োগ কৰাৰ লগতে সমান্তৰাল দুখন সমিতিয়ে পৰস্পৰ বিৰুদ্ধে আদালতত তৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত উলংঘা কৰাৰো অভিযোগ সংবাদ মেলত । পুনৰ ক্ষমতা দখলৰ পৰিকল্পনাৰে তদৰ্থ সমিতিৰ মূল সিদ্ধান্ত সমুহক চেৰাই দৰগাহৰ ধনেৰে যোৰহাটত অনুষ্ঠিত কৰিব খোজা অনুষ্ঠানৰো বিৰোধিতা কৰাৰ সমান্তৰালকৈ দৰগাহত সংঘটিত বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে অচিৰেই আৰক্ষী থানাত এজাহাৰ দাখিলৰ হুংকাৰ পূৰ্বৰ পৰিচালনা সমিতিৰ তিনি কৰ্মকৰ্তাৰ ।