সমস্যাৰে ভাৰাক্ৰান্ত সোণাৰিৰ বালিখেতিয়া অঞ্চল

দেশে স্বাধীনতা লাভৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো এতিয়াও উন্নয়ন হোৱা নাই বহু ঠাইৰ। চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এনে এখন ঠাই হ'ল সাপেখাতিৰ পশ্চিম বালিখেতিয়া গাঁও। বাট-পথৰ সমস্যা লগতে এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই গাওঁ খন। স্থানীয় জনপ্ৰতিধিনিৰ আওকণীয়া মনোভাৱৰ বাবে গাঁওৰ ৰাইজে উন্নয়নৰ মুখ দেখা নাই আজিলৈকে। আনহাতে গাওঁ খনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে চৰকাৰৰ দুই এটা আঁচনিৰ বাদে কোনো ধৰণৰ সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰতি আহ্বান জনাইছে গাওঁবাসীয়ে।