সোণাৰিত বুথ কী বাত কাৰ্যসূচীত চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ অংশগ্ৰহণ
আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত কাৰ্যসূচী আজিও সম্প্ৰচাৰিত হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিভিন্ন মণ্ডল তথা বুথ সমূহতো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে বিজেপি দলৰ তৰফৰপৰা। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰি সমষ্টিৰ অন্তৰ্গত সোণাৰি নগৰ মণ্ডলৰ ২৫ নং বুথত বুথ-কী-বাত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। সোণাৰি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ লগতে বিজেপিৰ বহু কেইগৰাকী মহিলা কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ মন-কী-বাত কাৰ্যসূচী একেলগে উপভোগ কৰে আকাশবাণীৰ জৰিয়তে।