বহু উৎকণ্ঠাৰ অন্তত আজি ধ্বংসস্তূপত পৰিণত  নয়দাৰ টুইন টাৱাৰা। নয়দাস্থিত প্ৰায় ১০০ মিটাৰ ওখ চুপাৰটেকৰ টুইন টাৱাৰ ধ্বংস কৰা হয় যিটো ভাৰতৰ এতিয়ালৈকে ভাঙি পেলোৱা আটাইতকৈ ওখ অট্টালিকা।  দিল্লীৰ কুতুব মিনাৰতকৈ ওখ নয়ডাৰ এমাৰ্ল্ড কোৰ্ট প্ৰকল্প অফ চেক্টৰ ৯৩এ-ৰ গাঁথনিবোৰ ১৫ ছেকেণ্ডতকৈও কম সময়ত ভিতৰত সম্পূৰ্ণ খহাই দিয়া হয়। 

উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ অনুসৰি উক্ত টাৱাৰটো ধ্বংস কৰিবলৈ ৩,৭০০ কিলোগ্ৰামতকৈও অধিক বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল।  নিয়ম উলংঘা কৰি এমাৰ্ল্ড কোৰ্ট চ'চাইটি চৌহদৰ ভিতৰত  নিৰ্মাণ কৰা দেখা  হৈছিল আট্টালিকাটো। 

উল্লেখ্য যে চেতন দত্ত নামৰ ভাৰতীয় ব্লাষ্টাৰে চুপাৰটেকৰ টুইন টাৱাৰবোৰ ধ্বংস কৰিবলৈ  বুটামটো টিপিছিল। হাৰিয়ানাৰ দত্তই ধ্বংস কৰাৰ পূৰ্বে প্ৰকাশ কৰিছিল যে সুউচ্চ  অট্টালিকা ধ্বংস কৰাটো তেওঁৰ বাবে "এটা সপোন সঁচা হোৱাৰ দৰে"।