দেওবাৰে বঙাইগাঁও জিলাত এজন অসম আৰক্ষীৰ জোৱানে নিজৰ চাৰ্ভিচ ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

জিলাখনৰ অভয়াপুৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

নিহত জোৱানজনক চিত্তৰঞ্জন চৌধুৰী (৫৭) বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ ৮ নং অসম আৰক্ষী বেটেলিয়ানৰ জোৱান আছিল।

জোৱানজনে কিয় এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে তাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

পিছত তথ্য লাভ কৰাত আৰক্ষীৰ দলটোৱে ততাতৈয়াকৈ ঘটনাস্থলত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।