আমগুৰিত পিতৃৰ কামনাৰ বলি নিজ কন্যা সাত মাহৰ গৰ্ভৱতী কন্যা,ৰাইজে চিচিবৰগাঁও আৰক্ষীক গতালে লম্পত পিতৃক

জঘন্য, পৈষাশিক , সভ্য সমাজক লজ্জাজনত অমানৱীয় এক ঘটনা সংঘটিত হৈছে ধেমাজিৰ আমগুৰিত। এগৰাকী লম্পট পিতৃৰ কামণাৰ বলি হ'ল নিজ কন্যা । অভিযোগ অনুসৰি ধেমাজিৰ আমগুৰি কুলি গাওঁৰ প্ৰবীণ দত্ত নামৰ লম্পত পিতৃৰ কামনাৰ বলি হৈ সাত মাহৰ গৰ্ভাৱতী হ'ল নিজ কন্যা । প্ৰবীণ দত্ত নামৰ এইজন ৬০ বছৰীয়া লম্পট পিতৃৰ এই কুকাণ্ডৰ কথা প্ৰচাৰ হৈ পৰাত হুলস্থুল লাগে সমগ্ৰ আমগুৰি অঞ্চলত । স্থানীয় মহিলা সমিতিৰ সহযোগত ৰাইজে লম্পত পিতৃ প্ৰবীণ দত্তক কৰায়ত্ব কৰি চিচিবৰগাঁও আৰক্ষীক খবৰ দিয়ে আৰু চিচিবৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰি কালি সন্ধিয়া আৰক্ষী চকীলৈ লৈ আনে পিতৃৰ নামত কলংক এইগৰাকী লম্পটক।