দৰঙত ৫৩ টা কেন্দ্ৰত হ’ব তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষা ৷তন্নতন্নকৈ পৰীক্ষা কৰিছে পৰীক্ষাৰ্থী সকলক ৷তৃতীয় বৰ্গৰ বাচনি পৰীক্ষাৰ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন ৷মঙলদৈ মহাবিদ্যালয়ত ১২০০ পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা ৷
অসম চৰকাৰৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা আজি দ্বিতীয় দিন ৷ প্ৰথম পৰ্যায়ৰ পৰীক্ষা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দ্বিতীয় পৰ্যায়ৰ বিয়লি ২বজাৰ পৰা ৪ বজালৈ অনুস্থিত হ’ব ৷
তৃতীয় বৰ্গৰ বাচনি পৰীক্ষাৰ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বিপৰীতে অনুষ্ঠিত হ’ব এই পৰীক্ষা ৷ পৰীক্ষাৰ্থী সকলে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী যাতে লগত নিব নোৱাৰে তাৰ বাবে তন্নতন্নকৈ পৰীক্ষা কৰিছে পৰীক্ষাৰ্থী সকলক ৷