আজিৰ খবৰ, গুৱাহাটী , ৮ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ আজাৰা অঞ্চলৰ ছাত্ৰী , যুৱতী , মহিলা সকলৰ উন্নয়ন , উত্তৰণৰ হকে কাম কৰি অহা "স্বৰগম মহিলা গোষ্ঠীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰথমখন নাৰী শিক্ষানুষ্ঠান চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীক প্ৰতি বছৰে সম্মানিত কৰি উৎসাহ যোগাই আহিছে । এইবেলি হাইস্কুল খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আজাৰা লাপাতুল অঞ্চলৰ বাসিন্দা অপূৰ্ব ডেকা আৰু কবিতা ডেকাৰ কন্যা তৃষ্ণা ডেকাক ৭ জুলাইত আজাৰা বন্ধু মিলন নাট্য মন্দিৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগদ ধন , মানপত্ৰ , গামোছা , ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । স্বৰগম মহিলা গোষ্ঠীৰ সভানেত্ৰী বিজু মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অজন্তা দাস , জুনু বৰুৱা , দীপা দাস , হীৰামণি দাস , বিজিতা যখৰীয়া , মীনা দাস , মঞ্জু মজুমদাৰকে ধৰি গোষ্ঠীৰ উপস্থিত কেবাজনী সদস্যই তৃষ্ণা ডেকাক আশীৰ্বাদ প্ৰদান কৰি আগন্তক শৈক্ষিক জীৱনত ইয়াতকৈ উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে তাৰ কামনা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टेस्ला की इंट्री भारतीय इलेक्ट्रिक कार बाजार को मिलेगा विस्तार, पीएम मोदी से जल्द मुलाकात करेंगे एलन मस्क
टेस्ला के प्रमुख एलन मस्क अगले कुछ दिनों के भीतर भारत आने की तैयारी में हैं और उम्मीद की जा रही...
ખેડા માતર ખાતે સર્કિટ ભવનમાં ખેડા જિલ્લા પ્રમુખની બેઠક યોજાઈ
#buletinindia #gujarat #kheda
Shillong Cancer wing to be functional by December: Chief Minister Conrad Sangma
Meghalaya Chief Minister Conrad Sangma today inspected the cancer wing in Shillong Civi...
ৰঙিয়া মহাবিদ্যালয়ত ৬০ তম প্ৰতিষ্ঠা দিৱস পালন
ৰঙিয়া মহাবিদ্যালত শুকুৰবাৰে ৬০তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।১৯৬৩ চনৰ ৫ আগষ্টত একাংশ শিক্ষানুৰাগী...
West UP में बच्चों के यौन शोषण का मामला, अभियुक्त इतने लंबे समय तक कैसे बचता रहा? (BBC)
West UP में बच्चों के यौन शोषण का मामला, अभियुक्त इतने लंबे समय तक कैसे बचता रहा? (BBC)