ভাৰতীয় ৰে’লৱেঃ ভাৰতৰ ৪টা দীঘলীয়া ৰে’লপথ, ভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ দিন লাগে

💢ভাৰতীয় ৰে’লৱে নেটৱৰ্ক বিশ্বৰ অন্যতম বৃহৎ আৰু পুৰণি ৰে’লৱে। ভাৰতীয় ৰে’লৱে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰে’ল সেৱা। স্বাভাৱিকতে যথেষ্ট সংখ্যক ৰে’ল আছে যিবোৰ ইমান দীঘলীয়া দূৰত্ব যে, দেশৰ এটা মূৰক আনটো মূৰৰ লগত সংযোগ কৰি আছে। কিছুমান দীঘলীয়া ৰেলপথৰ বিষয়ে কওঁ।

👉ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰে’ল যাত্ৰাঃ ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ ভাৰতীয় ৰে’লৱেৰ আটাইতকৈ দীঘলীয়া পথ। এই ৰে’লখনৰ দৈৰ্ঘ্য প্ৰায় ৪২৩৩ কিলোমিটাৰ আৰু ই ভাৰতৰ ৯ খন ৰাজ্যত বিস্তৃত হৈ আছে। এই পথত চলি থকা ৰেলখনৰ নাম বিবেক এক্সপ্ৰেছ। ভ্ৰমণ সম্পূৰ্ণ কৰিবলৈ ৮২ ঘণ্টা সময় লাগে। ২০১৩ চনত প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল ৰে’লখনৰ। উল্লেখ যে এই দূৰত্বৰ ভিতৰতে ৰেলখনৰ ৫৫ টা ষ্টপ আছে।

👉দ্বিতীয় দীঘল ৰে’লপথঃ দ্বিতীয় দীঘল ৰে’লৱেই অসম আৰু কেৰেলাক সংযোগ কৰিছে। এই ৰেলখন শিলচৰৰ পৰা আৰম্ভ কৰি তিৰুৱনন্তপুৰমলৈ যায়। এই ৰে’লখনৰ মুঠ দৈৰ্ঘ্য ৩,৯৩২ কিলোমিটাৰ। এই পথৰ ৰে’লসমূহে ভাৰতৰ দ্বিতীয় দীঘলীয়া দূৰত্ব অতিক্ৰম কৰে।

👉তৃতীয় দীঘলীয়া ৰে’ল যাত্ৰাঃ জম্মুৰ পৰা কন্যাকুমাৰীলৈ বিস্তৃত হিমসাগৰ এক্সপ্ৰেছ ভাৰতৰ তৃতীয় দীঘলীয়া ৰে’ল। ৩৭০৯ কিলোমিটাৰ যাত্ৰা কৰা এখন ৰে’লে নিজৰ পথ অতিক্ৰম কৰিবলৈ ৭০ ঘণ্টা সময় লাগে।

👉ভাৰতৰ চতুৰ্থ দীঘল ৰেলপথঃ ৩৬৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ টিৰুনেলভেলীৰ পৰা জম্মুলৈ যোৱা ৰেলপথটো হৈছে চতুৰ্থ দীঘল ৰেলপথ। জম্মু এক্সপ্ৰেছ এই পথেৰে যায়। এই ৰে’লখন বাটত মুঠ ৬২টা ষ্টেচনত ৰৈ যায়।

👉আহকচোন জানো, ৰাছিয়াৰ কথা । ৰাছিয়াত বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল ৰেলপথ আছে। তাত মস্কোৰ পৰা ভ্লাডিভষ্টকলৈ যোৱা ৰেলখনে ৯০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ। আৰু তাৰ বাবে ৰেলখনে ৬ দিন সময় লয়।