গৌৰীসাগৰ আৰক্ষীয়ে পুনৰ জব্দ কৰে চোৰাং খাৰুৱা তেল ভৰ্তি এখন বাহন

উজনি অসমত সক্ৰিয় খাৰুৱা তেল চুৰি চক্ৰ । এখনৰ পাছত আন এখন চোৰাং তেল সৰবৰাহ কৰা বাহন আৰক্ষীৰ জালত । এটা মাহত আৰক্ষীয়ে জব্দ কৰিলে তিনিখনকৈ চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা বাহন । তিনিচুকীয়াৰ পৰা উত্তৰ প্ৰদেশলৈ চোৰাং খাৰুৱা তেল সৰবৰাহৰ আঁৰত কোন? কোন নিয়ন্ত্ৰণ কৰিছে উজনি অসমৰ চোৰাং খাৰুৱা তেল চক্ৰ ? উজনি অসমৰ চোৰাং খাৰুৱা তেল চক্ৰৰ বিৰুদ্ধে কঠোৰ আৰক্ষী । এখনৰ পাছত আন এখন চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা বাহন আৰক্ষীৰ জালত । শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীৰ চোৰাং খাৰুৱা তেলৰ বিপক্ষে অভিযান অব্যাহত আছে । গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত বিগত দুটা মাহত আৰক্ষীয়ে তিনিখনকৈ চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা বাহন জব্দ কৰিছে । তিনিচুকীয়া জিলাৰ পৰা ৰাজ্যৰ বাহিৰলৈ চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা UP 32 QN 7217,AS 01 FC 6741 দুখনকৈ ট্ৰাক গৌৰীসাগৰ আৰক্ষীয়ে জব্দ কৰিছিল । আজি পুনৰ গৌৰীসাগৰ আৰক্ষীয়ে পুৱা পাঁচ বজাত আন এখন চোৰাং খাৰুৱা তেল সৰবৰাহ কৰা ট্ৰাক জব্দ কৰে । বাহনখনৰ লগতে 58 ড্ৰাম চোৰাং খাৰুৱা তেলো আৰক্ষীয়ে জব্দ কৰে । তেলৰ চোৰাং ব্যৱসায়ৰ সৈতে বহিৰাজ্যৰ এটা চক্ৰ জড়িত থকাৰ বিষয়েও আৰক্ষীয়ে নিশ্চিত কৰিছে । চোৰাং খাৰুৱা তেলৰ এই বৃহৎ চক্ৰটোক কিদৰে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব সেয়া সময়তহে লক্ষণীয় হব । ইতিমধ্যেই প্ৰতিখন বাহনৰ চালক আৰু হেন্দিমেনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।।