ঘিলামৰা ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী কলেজত ২২সংখ্যক নবাগত আদৰণি সম্পন্ন।

শনিবাৰে পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই নবাগত আদৰণি সভাসনৰ ন পুৰণি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচয় পৰ্বৰ লগতে নৃত্য,গীত ,কবিতা আদিৰ অনুষ্ঠানটি জীপাল কৰি তোলে।

বিয়লি ভাগত অনুষ্ঠিত ২২সংখ্যক নবাগত আদৰণি সভাত মুকলি সভাৰ সভাপতিত্ব কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ বিনেশ্বৰ পাতিৰে।অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি ঢকুৱাখনা মহাবিদ্যালয়ৰ পর্দাথ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই ছাত্ৰ ছাত্ৰীক ভৱিষ্যতে সুন্দৰ ৰূপত গঢ় দিব পৰাকৈ কেনেকৈ আগবঢ়াই নিব লাগিব তাৰ সুন্দৰ বিশ্লেষণ ডাঙি ধৰে।

অনুষ্ঠানত কলেজখনৰ পৰিচালনা সমিতিৰ সভাপতি টুলাৰাম কুম্বাং, পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি বিজয় দলে,সদস্য প্ৰসাদ পেগু,বিল মুখ পঞ্চায়তৰ সভাপতি গণেশ দলে,আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ন্ত পাতিৰ, স্থানীয় মনিং ষ্টাৰ স্কুলৰ অধ্যক্ষৰ লগতে কেইবাজনো কেইবাজনো শিক্ষকৰ লগতে কলেজ খনৰ শিক্ষক কৰ্মচাৰী গোট আৰু বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।