কামাখ্যা ৰেল ষ্টেশ্যনৰ পৰা কামাখ্যা মন্দিৰলৈ হ'ব নতুন ৰ'পৱে ব্যৱস্থা। ইয়াৰ বাবে ইতিমধ্যেই উত্তৰ-পূব সীমান্ত ৰেইলৱেই আৰম্ভ কৰিছে কাম।

এই ৰ'পৱে ব্যৱস্থাৰ কাম অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। 

ইয়াৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছে কামাখ্যা ৰেল ষ্টেশ্যন, য'ত থাকিব ৰ'পৱে ষ্টেশ্যনো।

আজি এই কথা সদৰি কৰিলে উত্তৰ-পূব ৰেলৱেৰ জেনেৰেল মেনেজাৰ আনচুল গুপ্তাই।