গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত অসম প্ৰদেশ মহিলা কংগ্ৰেছে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ পুত্তলিকা দাহ কৰে মহিলা কংগ্ৰেছে।

মন্ত্ৰী নেওগৰ জালুকবাৰীস্থিত বাসগৃহত নাৰীক অসৎ কাৰ্যত জৰিত কৰোৱাৰ ঘটনাৰ বিৰুদ্ধে মহিলা কংগ্ৰেছী কৰ্মীসকলে প্ৰতিবাদ কৰে।

প্ৰতিবাদকাৰী কৰ্মীসকলে মন্ত্ৰী নেওগৰ পদত্যাগৰ দাবীও তোলে। 

বেটি বচাও, বেটি পঢ়াও শ্লোগান দিয়া চৰকাৰৰ মন্ত্ৰীৰ ঘৰত এনে ঘটনা হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলে। 

এই সংক্ৰান্তত ৰাষ্ট্ৰীয় মহিলা আয়োগত মহিলা কংগ্ৰেছে গোচৰ তৰিব বুলি জানিব দি ঘটনা সংক্ৰান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈও পত্ৰ প্ৰেৰণ কৰিব বুলি জনায়।