চিলাপথাৰত দুই প্ৰয়াত ছাত্ৰ নেতালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এ জে ৱাই চি পি ৰ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ দুই সভাপতি ক্ৰমে প্ৰয়াত কমল কৃষ্ণ দাস আৰু অনুপম বৰুৱাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনাই আজি এটা বছৰ সম্পূৰ্ণ কৰিলে। প্ৰয়াত ছাত্ৰ নেতা দুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি চিলাপথাৰ আঞ্চলিক এজেৱাইচিপিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে শোক সভা । সংগঠনটোৰ চিলাপথাৰ আঞ্চলিকৰ সম্পাদক মনোজ নাওলিয়াই আতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত দুয়োগৰাকী ছাত্ৰ নেতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। সভাত এজেৱাইচিপিৰ ধেমাজি জিলা উপ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই ৰ লগতে চিলাপথাৰ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে । সভাৰ শেষত দুয়োগৰাকীৰ নেতাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰা হয় ।