এক ইঞ্চি মাটিও এৰি দিয়া নহ'ব অৰুণাচলক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

শুক্ৰবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা প্ৰশাসনৰ মুৰব্বী সকলে অৰুণাচল প্ৰদেশৰ লোকে বসতি স্থাপন কৰা চৰাইদেউ জিলাৰ বিবদমান এলেকা পৰিদৰ্শন কৰাৰ পাছত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখ্য যে অসম তথা অৰুণাচল প্ৰদেশ চৰকাৰৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা মত বিনিময়ৰ সময়ত অৰুণাচলী লোকসকলে অসমৰ লগত নাথাকো বুলি স্পষ্টকৈ কোৱাৰ পাছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউ জিলাৰ চৰাইপুঙ অঞ্চলত উপস্থিত হৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে অসমৰ এক ইঞ্চি মাটিও অৰুণাচল প্ৰদেশক এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে।