গোলাঘাট জিলাৰ ঘিলাধাৰী আৰু মৰঙী মৌজাৰ কেইবাখনো গাৱত বছৰ বছৰ ধৰি হাতী মানুহৰ সংঘাতে এক ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে যদিও এই সংঘাত ৰোধৰ বাবে বিভিন্ন সময়ত বহু চৰকাৰী আচনি গ্ৰহণ কৰা হৈছে যদিও সেই আঁচনি সমূহৰ পৰা আশানুৰূপ সমাধান হোৱা নাই। জিলা খনৰ আইতনীয়া মিৰি গাওঁ হৈছে হাতী মানুহৰ সংঘাতৰ অন্য এক নাম।

সেই স্থানৰ দীৰ্ঘদিনীয়া এই সমস্যাৰ স্থায়ী সমাধান কৰিবৰ বাবে অৱশেষত ২০২১ চনত আইতনীয়া মিৰি গাওঁত হাতী মানুহৰ সংঘাত ৰোধৰ বাবে চ'লাৰ ফেঞ্চিং প্ৰকল্পৰ আধাৰশিলা কৰা হয়। আৰু সম্পুৰ্ণ হোৱা সেই প্ৰকল্পৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে। ২৮ লাখ টকা ব্যয় সাপেক্ষে প্ৰায় ৬ কিলোমিটাৰ দুৰত্ব চলাৰ ফেঞ্চিঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। গোলাঘাট জিলাৰ মৰঙী মৌজাতো অব্যাহত থকা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে পৰ্য্যায় ক্ৰমে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী অজন্তা নেওগে।