নিষ্ঠাবান স্বয়ংসেৱক,প্ৰাক্তন প্ৰচাৰক,শিক্ষাবিদ আৰু বৰ্তমান কামৰূপ জিলাৰ জিলা সংঘচালক নিতীশ চন্দ্ৰ শৰ্মাৰ আজি ৰাতিপুৱাৰ ভাগত পৰলোকপ্ৰাপ্তি হোৱাৰ খবৰে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে।ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই তেখেতৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰে।

লগতে বিধায়ক গৰাকীয়ে তেখেতৰ মৃত্যুত এজন সমাজসেৱক তথা অভিভাৱক আৰু সংঘচালক হেৰুৱালোঁ বুলি কৈ দেশ মাতৃৰ লগতে সমাজ জীৱনলৈ তেখেতে আগবঢ়োৱা বৰঙনি আৰু অৱদানৰ কথা আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ বুলি মন্তব্য কৰে।নীতিশ শৰ্মাৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমৱেদনা জ্ঞাপন কৰে।