কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কাজিৰঙাৰ ৰাজপথ।প্ৰতিটো ঋতুৰ দৰে বৰ্ষা ঋতুৰ সময়ত কাজিৰঙাই লাভ কৰে ন ৰূপ।সচৰাচৰ এপ্ৰিল মাহৰ পৰা জুন পৰ্যন্ত কাজিৰঙাৰ ভিতৰে বাহিৰে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু আদি ফুলে জাতিষ্কাৰ হয়।কিন্তু শৰতৰ পূৰ্বে বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ফুলি আছে কৃষ্ণচূড়া। কৃষ্ণচূড়াৰ এই ৰূপে ৰঘাইপথটোৰে অহা যোৱা কৰা প্ৰতিজনৰে মন প্ৰাণ হৰি নিছে।