দৰঙৰ ধূলাত গছ কটাক লৈ ক্ষুব্ধ খাটনীয়া পাৰাৰ গাওঁ পঞ্চায়তৰ সভাপতি অনিতা ৰাজবংশী।
মুখ্য বন সুৰক্ষা বিষয়াক অভিযোগ দাখিল ।
দৰঙৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত খাটনীয়াপাৰা গাওঁ পঞ্চায়তৰ দখলত থকা কেই জোপা প্ৰকাণ্ড প্ৰকাণ্ড গছ কটাক লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ ৰাইজ । উল্লেখ্য যে , চলিত মাহৰ ১৯ তাৰিখে গাওঁ পঞ্চায়ত খনৰ সভানেত্ৰী আৰু সচিবৰ নিৰ্দেশত প্ৰকাণ্ড প্ৰকাণ্ড পাচ জোপা গছ কাটি বিক্ৰী কৰাৰ যো জা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । বন বিভাগৰ কোনো অনুমতি নোলোৱাকৈ গাওঁ পঞ্চায়তৰ দখলত থকা প্ৰকাণ্ড প্ৰকাণ্ড গছ কটাক লৈ ক্ষুব্ধ হৈ পৰিছে সচেতন মহলে । এই সন্দৰ্ভত গুৱাহাটী পাঞ্জাবাৰী মুখ্য বন সুৰক্ষা বিষয়াক অভিযোগ দাখিল কৰাৰ লগতে ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অভিযোগ সন্দৰ্ভত গাওঁ পঞ্চায়ত খনৰ সভানেত্ৰী অনিতা ৰাজবংশী ওৰফে মালা কয় , গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ ওপৰৰ মহলা নিৰ্মাণ কৰিবলৈ কটা হৈছে গছ সমূহ ।