টংলা বনিক সন্হাৰ সংবাদ মেল। আৰ পি এফক সঁকিয়নি ।

টংলাত আইন শিংখলাৰ অৱনতি ঘটিলে দায়ী হব ৰেল আৰক্ষী ।

   দোষীক ৰক্ষানাবেক্ষন দিয়াৰ টংলাৰ ৰেল আৰক্ষীৰ বিৰুদ্ধে। ২৪ আগষ্টত টংলা ৰেল স্টেচনত সংঘটিত এক মাৰপিতৰ ঘটনাক কেন্দ্ৰ কৰি টংলা বনিক সন্থাই আজি এক সংবাদ মেল যোগে এই অভিযোগ কৰে টংলা বনিক সন্থাই। ঘটনাটো সংঘটি হোৱাৰ পিছতে আক্ৰমন কাৰী সুনন্দ বড়োক ৰেল আৰক্ষীয়ে আটক কৰিও মুকলি কৰি দিয়া কাৰ্যক তীব্ৰ গৰিহনা দিয়ে টংলা বনিক সন্থাই। আনহাতে ঘটনাটোত গুৰুতৰ ভাৱে আহত টংলৰ বনিক সন্হাৰ সম্পাদক বুবু সেন জীৱন মৰনৰ সৈতে যুজ কৰি থকাৰ বিপৰীতে আক্ৰমন কাৰী ৰাজ্যিক কৃষি বিপনন বোৰ্ডৰ বিষয়া সুনন্দ বড়োক লগে লগে মুকলি দিয়াৰ লগতে দায় সৰা মন্তব্যৰে ৰক্ষনা বেক্ষন দিয়াৰ চেষ্টা কৰা বুলি ৰেল আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰে বনিক সংগঠন টোৱে। ইয়াৰ উপৰিও সামাজিক মাধ্যমৰ জড়িয়তে আক্ৰমন কাৰী সুনন্দ বড়োৱে ওলোটাই ঘটনাটোত আহত হোৱা সকলৰ বিৰুদ্ধেহে মদ্যপান কৰা বুলি অভিযোগ কৰা কাৰ্যক সংবাদ মেলত টংলা বনিক সন্হাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। গুৰুতৰ ভাৱে আহত টংলা বনিক সন্থাৰ সম্পাদক গৰাকীৰ স্বাস্হ্যৰ অধিক অৱনতি ঘটাৰ ফলত টংলাত আইন শৃংখলা পৰিস্হিতিৰ সৃষ্টি হলে ৰেল আৰক্ষীয়ে দায়ী হব বুলিও সংবাদ মেল যোগে সকীয়াই দিয়ে টংলা বনিক সন্থাই ।