সোণাৰিৰ চফ্ৰাইত আজি চৰাইদেউ জিলা কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়।

সোণাৰি বিধান সভা সমষ্টিৰ চফ্ৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা কৃষক মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতি দেৱজিৎ চাওৰকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত কাৰ্য্যনিৰ্বাহক সভাত বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যদ্বয় কাজল দে,দিলীপ কুমাৰ কোঁৱৰ , কৃষক মৰ্চাৰ অসম প্ৰদেশৰ উপ-সভাপতি বিকুল দে, বিজেপিৰ চৰাইদেউ জিলাৰ উপ-সভাপতি ৰ’জ কমল মহনৰ লগতে দলীয় কাৰ্যৰ্কতাসকল উপস্থিত থাকে।