মঙ্গলদৈ শাকতোলা নদীৰ মথাউৰি ভঙাৰ পিছত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰৰে পানী পাৰ হৈ যোৱাৰ ফলত ৰঙামাটি প্ৰায় ২০ৰ পৰা ২৫ খনৰো অধিক গাওঁ প্লাবিত হৈছিল।

সকলোৱে নিজৰ আপোন ঘৰ খন এৰি আহি আশ্ৰয় শিবিৰত থাকিব লগিয়া হৈছিল। প্ৰায় ২০দিন ধৰি বানপানীৰ কবলত আছিল সৰুঠেকেৰাবাৰি, বৰঠেকেৰাবাৰি, কেওট পাৰা, ধনঘুন্দা, পিপিৰা দুকান, ৰঙামাটি গাওঁ পঞ্চায়তকে ধৰি বিভিন্ন গাঁও।

পানী কমিছে যদিও সমস্যা দূৰ হোৱা নাই ৰাইজৰ কিয়নো ঘৰ খনত যাবলৈ এতিয়া নাই বাট পথ। ৰঙামাটি অঞ্চলৰ প্ৰায় বোৰ বাট পথ এতিয়া বিধ্বস্ত। এতিয়া চৰকাৰলৈ অনুৰোধ জনাইছে অতি সোনকালে বাট পথ সমূহ মেৰামতি কৰিব লাগে।