জিতেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয়ৰ নৱ-নিৰ্মিত বিদ্যালয় গৃহটিৰ শুভ উদ্ধোধন কৰে সোণাৰিৰ বিধায়কে। 

সোণাৰি নগৰৰ ৩ নং ৱাৰ্ডৰ জিতেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয়ত ২০২১ বৰ্ষৰ প্ৰাক্তন বিধায়ীকা নৱনীতা সন্দিকৈ আৰু ২০২২ বৰ্ষত বিধায়ক ধৰ্মেশ্বৰ কোঁ‌ৱৰে বিধায়ক পুঁজিৰ অধীনত চাৰি লাখ টকা ব্যয়ৰে নিৰ্মাণ হোৱা নৱ-নিৰ্মিত বিদ্যালয় গৃহটিৰ শুভ উদ্ধোধন কৰে।  

বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শিশুসকলৰ নিৰাপত্তাৰ স্বাৰ্থত বিদ্যালয়খনিৰ চৌহদৰ পকীবেৰ নিৰ্মানৰ বাবে বিধায়কে ৩ লাখ টকাৰ অনুদান প্ৰদান কৰে। 

উক্ত অনুষ্ঠানত উপস্থিত থাকে সোণাৰি পৌৰসভাৰ উপ-সভাপতি স্বাক্ষৰ জ্যোতি গগৈ,সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ, অৱসৰ প্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰবিন বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে আদি কৰি কেইবাজনো গন্য মান্য ব্যক্তি উপস্থিত থাকে।