নামচাই ঘোষণাৰ আধাৰত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা অসমৰ উদালগুৰি আৰু শোণিতপুৰ জিলাৰ আঞ্চলিক সমিতি আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ আঞ্চলিক সমিতিৰ মাজত প্ৰথমখন বৈঠক আজি অৰুণাচল প্ৰদেশৰ ভালুকপঙৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হৈ যায় ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

অসম চৰকাৰৰ আৱাসিক আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু অৰুণাচল প্ৰদেশৰ পৰ্যটন, ভূমি ব্যৱস্থাপনা, অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন আৰু পৰিবহণ বিভগাৰ মন্ত্ৰী নাকাপ নালোৰ নেতৃত্বত দুয়োখন ৰাজ্যৰ দুখন সমিতিৰ সদস্যসকলে পুৱাৰ ভাগত অসম - অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৰ কামেংবাৰী গাঁৱত উপস্থিত হৈ সীমান্ত সমস্যাৰ মূল্যায়নৰ বাবে স্থানীয় ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। পিছত তেওঁলোকে ভালুকপং অঞ্চলতো পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়।

শুকুৰবাৰৰ আলোচনাত দুয়োখন ৰাজ্যৰ মাজত দিঘলীয়া সময় ধৰি চলি থকা সীমা সমস্যাৰ সৌহাদ্যপূৰ্ণভাৱে সমাধান কৰাৰ উদ্দেশ্যে কিছুমান সিদ্ধান্তত উপনীত হয় আৰু অহা ১৫ ছেপ্টেম্বৰৰ পূৰ্বে দুয়োখন সমিটিয়ে এই পৰামৰ্শসমূহৰ প্ৰতিবেদন নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আগত দাখিল কৰিব । 

বৈঠকৰ অন্তত মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী নাকাপ নালোৱে যুটীয়াভাৱে সাংবাদিকসকলক সম্বোধন কৰি জানিবলৈ দিয়ে যে ভালুকপুঙৰ সীমাৰ সন্দৰ্ভত, এক যৌথ জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে সৰ্বসন্মতিক্ৰমে মিথুন গেটৰ স্থান অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমাৰেখাত অৱস্থিত বুলি ধৰিব পাৰি বুলি সন্মতি প্ৰকাশ কৰে আৰু পৰবৰ্তি পৰ্যায়ত ইয়াৰ চূড়ান্ত নিষ্পত্তি আৰু সীমা নিৰ্ধাৰণৰ বাবে নিজ নিজ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় ৷ 

আনহাতে, উদালগুৰি আৰু পশ্চিম কামেং জিলাৰ মাজৰ আন্তঃৰাজ্যিক সীমাৰ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে কোনো বিবাদ নাই বুলি একমত হৈ সাংবিধানিক সীমাত সন্মতি প্ৰকাশ কৰে ।

যোৱা জুলাই মাহত অসম আৰু অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রীদ্বয়ে স্বাক্ষৰিত কৰা নামসাই ঘোষণাত উল্লেখ কৰা মতে, দয়মাৰা, খেলোং আৰু ফুট হিল, এই তিনিখন গাঁও অৰুণাচল প্ৰদেশৰ সাংবিধানিক সীমাৰ ভিতৰত অৱস্থিত হোৱাৰ বাবে সীমা বিবাদৰ আওঁতাৰ বাহিৰত বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 

আনহাতে, কামেংবাৰী বিষয় সন্দৰ্ভত আলোচনাৰ অন্তত সভাই শোণিতপুৰ আৰু পশ্চিম কামেঙৰ উপায়ুক্তদ্বয়ৰ নেতৃত্বত এক যুটীয়া জৰীপ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু দুয়োজন উপায়ুক্তৰ সহমতত প্ৰস্তুত কৰা জৰীপৰ প্ৰতিবেদন দুয়োখন আঞ্চলিক সমিতিৰ অধ্যক্ষৰ আগত পৰ্যালোচনাৰ বাবে দাখিল কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 

কালি বিয়লি ২ বজাৰৰ পৰা সন্ধ্যা ৮ বজালৈ ভালুকপুংৰ আৱৰ্ত ভৱনত হোৱা বৈঠকত চতিয়াৰ বিধায়ক, পদ্ম হাজৰিকা, ৰঙাপৰা সমষ্টিৰ বিধায়ক, কৃষ্ণ কমল তাঁতী, অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ আয়ুক্ত সচিব তথা উদালগুৰি জিলাৰ অভিভাৱক সচিব, সান্তনু পি গোটমাৰে, শোণিতপুৰ আৰু উদালগুৰিৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, অসমৰ সীমান্ত অঞ্চল বিভাগৰ পৰামৰ্শদাতা, দশৰথ ডেকা, আৰু জিলা দুখনৰ অন্যান্য জ্যেষ্ঠ জিলা প্ৰশাসনৰ বিষয়াসকলে সভাত অংশগ্ৰহণ কৰে। আনহাতে, অৰুণাচল প্ৰদেশৰ থ্ৰিজিনো-বুৰাগাঁৱৰ বিধায়ক কুমছি ছিদিছ’, কলাকটাঙৰ বিধায়ক, ডৰ্জী ৱাংদী খাৰ্মা, উপায়ুক্ত, পশ্চিম কামেং, কৰ্মা লেকি, আৰক্ষী অধীক্ষক, ভাৰত বি ৰেড্ডীকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল কালিৰ বৈঠকত উপস্থিত থাকে।