অসম চৰকাৰৰ খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ সমূহ পুৰণৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে। 

সেইমৰ্মে অহা ২১ আৰু ২৮ আগষ্টত ক্ৰমে চতুৰ্থ আৰু তৃতীয় বৰ্গৰ খালী পদ পুৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ নিকাভাৱ যাতে হয় তাক নিশ্চিত কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিছে। 

চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা ৰাজ্যৰ ২৪ খন আৰু তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা ২৫ খন জিলাত অনুষ্ঠিত হ'ব।