আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ‘অটল ব্ৰীজ’। আকৰ্ষণীয় ডিজাইন আৰু এলইডি লাইটেৰে সজ্জিত গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী নদীত পথচাৰী সকলৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ”অটল ব্ৰীজ ”। । আহমেদাবাদৰ পৰ্যটককৰ অন্যতম আকৰ্ষণৰ কন্দ্ৰবিন্দু হ’ব অটল ব্ৰীজ। প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া ভ্ৰমণসূচীৰে আহমেদাবাদত আজি উপস্থিত হ’ব আৰু ভ্ৰমণৰ প্ৰথম দিনা মোডীয়ে সন্ধিয়া সাবৰমতী নদীৰ সন্মুখত খাদী উৎসৱ অনুষ্ঠানত এক সমাৱেশক সম্বোধন কৰিব। তাৰ পাছতেই প্ৰধানমন্ত্ৰীয়ে সমাবেশস্থলীৰ পৰাই দলংখন উদ্বোধন কৰিব।
দলংখনৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামকৰণ কৰা দলংখন প্ৰায় ৩০০ মিটাৰ দীঘল আৰু ১৪ মিটাৰ বহল।আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ‘অটল ব্ৰীজ’।