জ্বৰ, কাঁহ,কঁপনি,পেটবিষৰ লগতে উশাহ-নিশাহত কষ্ট পাইছে ছাত্ৰ-ছাত্ৰীসকলে । যোৱা বুধবাৰৰ পৰা ৰঙাগড়া বাগান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আক্ৰান্ত হোৱাৰ পিছত নিকটৱৰ্তী চাৰিখন বিদ্যালয়তো সংঘটিত হৈছে অনুৰূপ ঘটনা । ৰঙাগড়া বাগান প্ৰাথমিক বিদ্যালয়,ৰঙাগড়া হাইস্কুল,বৰবাম প্ৰাথমিক বিদ্যালয়,ৰঙাগড়া বনুৱা ভোগৰাম তালুকদাৰ মধ্য ইংৰাজী বিদ্যালয়ত বৰ্তমানলৈকে আক্ৰান্ত হৈছে ৭০ ৰো অধিক ছাত্ৰ-ছাত্ৰী। আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৰঙাগড়া চাহ বাগিচা চিকিৎসালয়ত। ইয়াৰে প্ৰায় ১২জন শিক্ষাৰ্থীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰেৰণ কৰা হৈছে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আৰু যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ ।

লক্ষণীয়ভাবে এতিয়ালৈকে কি কাৰণত এনেদৰে আক্ৰান্ত হ'ল জানিব পৰা হোৱা নাই কাৰণ । সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৰঙাগড়াত ।

এই অৱস্থাত চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাৰ ওপৰত এক উচ্চ প্ৰয্যায়ৰ তদন্তৰ দাবী তুলিছে। ইফালে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ মৰ্মে যুৱ পৰিষদৰ নেতা সকলে স্বাস্থ্য বিভাগৰ জৰিয়তে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰোৱাই অঞ্চলটোত সজাগতা বৃদ্ধি কৰিছে ।

উল্লেখ্য যে, বোকাখাত মহকুমা প্ৰশাসনে থকা ডুল-ডুল আইচক্ৰীম ফেক্টৰীটো ছীল কৰি দিছে ।