দেশৰ নতুন মুখ্য ন্যায়াধীশ ৰূপে আজি শপতগ্ৰহণ কৰিলে ন্যায়াধীশ ইউ ইউ ললিতে। ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে ন্যায়াধীশ ইউ ইউ ললিতক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়।
প্ৰণিধানযোগ্য যে ন্যায়াধীশ ইউ ইউ ললিত দেশৰ বিদায়ী মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ উত্তৰাধিকাৰী হ'ব। একেদৰে ন্যায়াধীশ ইউ ইউ ললিত হ'ব দেশৰ ৪৯ সংখ্যক মুখ্য ন্যায়াধীশ। কাৰ্যকাল হ'ব ৭৪ দিনৰ।