বহুদেশীয় কোম্পানীটোৰ নাম হৈছে হালিবাৰ্টন। মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত এই কোম্পানীটো প্ৰধানকৈ হাইড্ৰোকাৰ্বনৰ অনুসন্ধান আৰু উৎপাদনৰ সৈতে জড়িত। শেহতীয়াকৈ এই কোম্পানীটোৱে আয়োজন কৰিছিল' হালিবাৰ্টন আৰ্টিফিচিয়েল ইন্টেলিজেন্স/মেচিন লাৰ্নিং ইন'ভেশ্যন চেলেঞ্জ-২০২২' শীৰ্ষক এক আন্তৰ্জাতিক প্ৰতিযোগিতাৰ।

প্ৰধানকৈ এছিয়া- প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ বিশ্ববিদ্যালয়বোৰত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে ডাটা চায়েন্স প্লেটফৰ্ম ব্যৱহাৰ কৰি, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আৰু মেচিন লাৰ্নিঙৰ সহায়ত ঔদ্যোগিক সমস্যা সমাধানত দল হিচাপে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লাগিছিল। উল্লেখযোগ্য যে এই প্ৰতিযোগিতালৈ অন্যতম চূড়ান্ত দল হিচাপে নিৰ্বাচিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগৰ দুই ছাত্ৰ কৌশিক মহন্ত আৰু তপনজ্যোতি শৰ্মা। বিভাগটোৰ এপ্লাইড জিঅ'ফিজিক্সৰ চতুৰ্থ ষান্নাসিকত অধ্যয়নৰত এই ছাত্ৰদ্বয়ৰ প্ৰতিভাৰ স্বীকৃতিয়ে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মনকৰিবলগীয়া যে ভাৰতৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগীৰ  তালিকাত নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম হৈছিল কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৌশিক মহন্ত আৰু তপনজ্যোতি শৰ্মাই। তেওঁ‌লোকৰ লগতে জাপান, চীন আৰু মালয়েচিয়াৰ প্ৰতিযোগীও তালিকাভুক্ত হৈছিল। ইণ্ডোনেচিয়াৰ বালিত ২৫ আৰু ২৬ আগষ্টত অনুষ্ঠিত  মূল প্ৰতিযোগিতাত বিশ্বৰ আগশাৰীৰ ঔদ্যোগিক প্ৰতিনিধি, ঔদ্যোগিক নেতা আৰু হালিবাৰ্টনৰ জ্যেষ্ঠ ব্যৱস্থাপনা মূৰব্বীৰ সন্মুখত প্ৰতিযোগীসকলে তেওঁ‌লোকৰ উদ্ভাৱনী প্ৰতিভা প্ৰদৰ্শন কৰিবলগীয়া হৈছিল। এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত দুমাহ ধৰি চলা এই প্ৰতিযোগিতাত কৌশিক মহন্তই প্ৰথম শ্ৰেষ্ঠ খিতাপ দখল কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় নাম জিলিকাবলৈ সক্ষম হয়। ছাত্ৰদ্বয়ৰ এই সাফল্যই ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ মাজত আনন্দৰ লহৰ তোলা পৰিলক্ষিত হৈছে।