স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত গুৱাহাটী মহানগৰীত অঘটন। 

পুখুৰীত পৰি মৃত্যু হৈছে এজন যুৱকৰ।

এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে পানীখাইতিৰ খেৰবাড়িত। 

মৃত যুৱক জন হৈছে চাহিদুল ইছলাম (২৮)। 

ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতাদেহটো উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে। 

অত্যাধিক সুৰা পান কৰি পুখুৰীত পৰাৰ বাবে যুৱক জনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। 

এটি সন্তানৰ পিতৃ চাহিদুল ইছলামৰ মৃত্যুত অঞ্চলটিত গভীৰ শোকৰ ছাঁ পৰিছে।