সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত অৰুণাচলৰ ৰাইজে অৰুণাচলতে থকাৰ কথা প্ৰকাশ কৰে। 

সীমান্তত বসতি স্থাপন কৰা লোকে সমৰ্থন জনাব অৰুণাচল প্ৰদেশৰ চৰকাৰক। অসমৰ মাটি বুলি চিহ্নিত এলেকাত বসবাস কৰা অৰুণাচলী লোক অসমৰ লগত নাথাকে।  মন্ত্ৰী বিমল বৰাই অৰুণাচলৰ ৰাইজক অসমত নে অৰুণাচলৰ মাটিত থাকিব শুধা প্ৰশ্নৰ উত্তৰত অৰুণাচলৰ ৰাইজে অৰুণাচলতে থকাৰ কথা প্ৰকাশ কৰিলে। 

বৈঠকত উপস্থিত ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অৰুণাচল প্ৰদেশৰ কেবিনেট মন্ত্ৰী হনচুম নাংডাম, বিধায়ক গ্ৰেবায়েল ৱাংচু, টাংফু ৱাংনাও, অসম সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ড° ওম প্ৰকাশ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়া সকল।