অৰুণাচলীৰ সন্মুখত কিয় বিপাঙত পৰিল মন্ত্ৰী বিমল বড়া।

অসম-অৰুণাচল প্ৰদেশৰ বিবদমান এলেকা পৰিদৰ্শন কৰিবলৈ আহি বিপাঙত মন্ত্ৰী বিমল বড়াৰ লগতে চৰাইদেউ জিলা প্ৰশাসন।

অসমৰ মাটি বুলি চিহ্নিত এলেকাত বসবাস কৰা অৰুণাচলী লোক নাথাকে অসমৰ লগত।

সীমান্তত বসতি স্থাপন কৰা লোকে সমৰ্থন জনাব অৰুণাচল প্ৰদেশৰ চৰকাৰক।

মন্ত্ৰী বিমল বড়াৰ সন্মুখত স্থিতি স্পষ্ট কৰিলে সীমান্তৰ ৰাইজে।

উল্লেখ্য যে অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ বৈঠক সম্পন্ন কৰা পাছত এতিয়া বিবদমান এলেকা পৰিদৰ্শন মন্ত্ৰী বিমল বড়া, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অৰুণাচল প্ৰদেশৰ এগৰাকী মন্ত্ৰীৰ লগতে দুগৰাকী বিধায়ক তথা দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ।