তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টি অন্তৰ্গত মালভূক গাঁওৰ এজন মেধা সম্পন্ন ছাত্ৰ লগতে ক্ৰীড়া, সাংস্কৃতিক দিশত আগৰণুৱা আছিল অচিন্ত মৰাণ ওৰফে ইয়াংখু অসম । বৃহস্পতি বাৰে পুৱা আলফা স্বাধীনে প্ৰেছ বিজ্ঞতি যুগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু হোৱাৰ বাতৰি । খবৰ লাভ কৰাৰ পিছতেই ঘৰ খনলৈ আহিল কান্দোনৰ ৰোল ।ভাতৃৰ নশ্বৰ দেহ বিচাৰি পৰেশ বৰুৱালৈ আহ্বান জনাইছিল তাৰপাছত পৰেশ বৰুৱাই ঘৰৰ জ্যেষ্ঠ ভাতৃক অৱগত কৰে ইয়াংখু অসমৰ মৃতদেহ লৈ অনাটো সম্ভৱ নহয়। আমাৰ কৰণীয় কাম আমি ইয়াত কৰিলোঁ ।আপোনালোকৰ ৰীতি নিয়ম অনুসৰি আপোনালোকে তাত কৰক বুলি স্পষ্ট কৰি দিয়ে জ্যেষ্ঠ ভাতৃক । তাৰপাছত খবৰ পোৱাৰ লগে লগে অঞ্চলবাসী ৰাইজে পুতলিকা বনাই ফটো লৈ পূৰ্বতে আগৰ পিন্ধা কাপোৰ কানি লৈ অন্তিম সৎকাৰ কৰে ।