গুৰুজনাৰ অমৰ সৃষ্টি ধৰি ৰখাৰ প্ৰয়াস জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰ অগ্নিগড় নাটঘৰৰ । নৱ প্ৰজন্মৰ মাজত সাংস্কৃতিক বিল্পৱ সূচনা কৰাই মূল উদ্দেশ্য অগ্নিগড় নাটঘৰৰ । বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অগ্নিগড় নাটঘৰৰ উদ্যোক্তাসকলে আয়োজন কৰিছিল এমহীয়া গ্ৰীষ্মকালীন খোল বাদনৰ বিশেষ কৰ্মশালা । কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অগ্নিগড় নাটঘৰে প্ৰতিবছৰৰ দৰে এইবছৰো শিশু সকলৰ মাজত অনুষ্ঠিত কৰে "প্ৰহ্লাদ চৰিত্ৰ" নাটভাগ । বহু কেইগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষন প্ৰদান কৰা এই অংকীয়া ভাওনাখনিত জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত নাগশংকৰৰ বিভিন্ন প্ৰান্তৰ শিশুসকলৰ লগতে যুৱতিসকলেও অংশগ্ৰহণ কৰা দেখা যায় । অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই "প্ৰহ্লাদ চৰিত্ৰ" নাটভাগৰ শুভাৰাম্ভ কৰি কয় যে - বৰ্তমানৰ সময়ত উঠি অহা প্ৰজন্মক আমি নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে প্ৰশিক্ষণ দিয়াই আগবঢ়াই নিয়াতো আমাৰ দ্বায়িত্ব ।" ভাওনা পৰিচালনাৰ সভাপতি হিতেশ বৰুৱাৰ লগতে বহু সংখ্যক গন্য মান্য ব্যক্তিৰ উপস্থিতিত কন কন শিশুৰ উপৰিও যুৱতি সকলে পৰিবেশন কৰা অংকীয়া ভাওনাভাগত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।