জম্মু, ২৬ আগষ্ট। জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবী আজাদে দলত্যাগ কৰাৰ পিছতেই দলৰ প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰীকে ধৰি আন ছয়জনে শুকুৰবাৰে তেওঁৰ সমৰ্থনত দলৰ পৰা পদত্যাগ কৰিছে। ইয়াৰ ভিতৰত পাঁচজনে একেলগে পদত্যাগ কৰিছে আনহাতে এজন প্ৰাক্তন মন্ত্ৰীয়ে পৃথকে পদত্যাগ কৰিছে। ছোনিয়া গান্ধীলৈ পত্ৰ লিখি পদত্যাগ কৰে এইসকলে।

একেলগে পদত্যাগ কৰা কংগ্ৰেছ নেতাসকলৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী জি এম চাৰুৰী, বৰ্তমানৰ পিচিচি উপ-সভাপতি তথা প্ৰাক্তন মন্ত্ৰী হাজী আব্দুল ৰাছিদ, প্ৰাক্তন বিধায়ক তথা এমএলচি মো আমিন ভাট, বৰ্তমানৰ জিলা সভাপতি তথা অনন্তনাগৰ প্ৰাক্তন বিধায়ক গুলজাৰ আহমেদ ৱানী আৰু দলটোৰ বৰ্তমানৰ এছ টি চেলৰ অধ্যক্ষ, প্ৰাক্তন বিধায়ক চৌধুৰী মহম্মদ আক্ৰাম। তেওঁলোকৰ পদত্যাগৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন মন্ত্ৰী আৰ এছ চিবৰ পদত্যাগৰ খবৰো প্ৰকাশ পাইছে। 

ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত চিবে কৈছিল যে তেওঁ বিগত বছৰবোৰত জম্মু-কাশ্মীৰত কেইবাটাও উত্থান-পতনৰ সাক্ষী হৈ আহিছে। সেই কথা মনত ৰাখি ৰাইজক এক উন্নত ভৱিষ্যতৰ দিশে অনাৰ বাবে গুলাম নবী আজাদৰ দৰে এজন শক্তিশালী নেতাৰ প্ৰয়োজন বুলি তেওঁ কয়। কংগ্ৰেছ দলে এতিয়া সেই ভূমিকা পালন কৰিবলৈ সক্ষম নহয়। গতিকে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদৰ পৰা তেওঁৰ পদত্যাগ সৰ্বশ্ৰেষ্ঠ বিকল্প বুলি কয়।