দিনদুপৰতে কাঢ়িলে ২০ হেজাৰ।
গোলাঘাট নগৰত এতিয়া ডকাইতৰ দলৰ সন্ত্ৰাস চলিছে। এই দলটোৱে বিভিন্ন লোকৰ পৰা কৌশলেৰে ডকাইতি কৰি দীৰ্ঘদিনে একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সাধাৰণ শ্ৰমিকৰ বেশত থকা দলটোৰ পাকচক্ৰত পৰি ইতিমধ্যে সৰ্বশ্ৰান্ত হৈছে বহুলোক। শুক্ৰবাৰে গোলাঘাট নগৰস্থিত দুমহলীয়া গাড়ী পাৰ্কিং স্থানত এজন শাৰীৰিক ভাৱে অক্ষম যুৱকক চিনেমাৰ কায়দাৰে উপৰ মহলাত মহলালৈ নি ডকাইতৰ দলটোৱে কাঢ়ি নিলে নগদ বিশ হাজাৰ টকা। ডকাইতিৰ ঘটনাৰ বলি হোৱা ফলঙনি নাহৰবাৰীৰ বাসিন্দা মণ্টু ভূমিজ গোলাঘাটলৈ আহিছিল গৃহ নিৰ্মাণৰ বাবে ৰড ক্ৰয় কৰিবলৈ। কিন্তু দুপৰীয়া সময়ত গোলাঘাটৰ টাউনৰ বাচ ষ্টেণ্ডৰ উপস্থিত হোৱাৰ সময়তে এটা চাৰিজনীয়া দলে মণ্টু ভূমিজক চিনেমাৰ কায়দাৰে উপৰ মহলালৈ বলপূৰ্বক উঠাই লৈ যায়। লগতে পকেটত থকা নগদ বিশ হাজাৰ টকা কাঢ়ি লয় আৰু লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।এই সমগ্ৰ ঘটনা একাংশ শিশুৱে প্ৰত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰাত উপস্থিত লোকসকলে ডকাইতৰ দলটোৰ এগৰাকী মহিলা আৰু আন এজন সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। পাছত ধৃত দুই ডকাইতক আৰক্ষীক গতাই দিয়ে ৰাইজে। দিনৰ পোহৰতে এনে ধৰণৰ ডকাইতি কাণ্ড সংঘটিত হোৱাত এতিয়া গোলাঘাট টাউনৰ লোকসকলে চৰম অসুৰক্ষিত অনুভৱ কৰিছে। উল্লেখযোগ্য যে, এই ডকাইতৰ দলটোৱে দীৰ্ঘদিন ধৰি নগৰৰ বিভিন্ন অঞ্চলত অপৰাধ সংঘটিত কৰাৰ লগতে টাউনৰ মাজমজিয়াৰ আশে পাশে আশ্ৰয় লৈ থকা দেখা পাইছে ৰাইজে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত মহিলা আৰু ব্যক্তি জনক আটক কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।