মৰাণত জ্যেষ্ঠ সাংবাদিক বাছা বৰাক ৰাজহুৱা সম্বৰ্দ্ধনা

চলিত বৰ্ষৰ সাংবাদিক পেঞ্চন প্ৰাপক, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰাক আজি মৰাণবাসীয়ে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ বিয়লি ৩ বজাত মৰাণ মহকুমা সাংবাদিক মঞ্চৰ উদ্যোগত মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিকগৰাকীক সাংবাদিক মঞ্চৰ উপৰিও ‘আছু’ৰ মৰাণ আঞ্চলিক সমিতি, মৰাণ শাখা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতি, মৰাণ শাখা অসম চাহ মজদুৰ সংঘ, শিশু প্ৰতিভা বিকাশৰ অনুষ্ঠান ‘মৌ-কোঁহ’, লেখিকা সমাহোৰ সমিতি, সংঘমিত্ৰা, চাহু বৈশ্য সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, মৰাণহাট ক্ৰীড়া সন্থা, মাহমৰা প্ৰেছ ক্লাৱ, সন্মিলিত মহিলা মঞ্চ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ শ্যামকানু প্ৰাথমিক শাখা, অসম চাহ কৰ্মচাৰী সংস্থাৰ মৰাণ শাখা, সুৰপ্ৰিয়াসী, জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙকে ধৰি একুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত মঞ্চৰ সভাপতি অজিত চুতীয়া,  মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ যতীন চুতীয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ৰঞ্জিত চাংমাই, চাহ কৰ্মচাৰী সংস্থাৰ নেতা মোহিনী মোহন লিগিৰা, কণ্ঠশিল্পী বিপিন চাউদাং, মৰাণ শাখা সাহিত্য সভাৰ সম্পাদক অকণ ভূঞাৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে৷ এই অনুষ্ঠানতে সম্বৰ্দ্ধিত জ্যেষ্ঠ সাংবাদিক বাছা বৰাই অনুভৱ ব্যক্ত কৰি চৰকাৰৰ এই স্বীকৃতিয়ে তেখেতক সংবাদ ক্ষেত্ৰখনত অধিক উদ্যমেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা দিয়া বুলি কয়৷