ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত মাতমৰা একৰীয়াত শ্ৰী শ্ৰী সাৰ্বজনীন শিৱ মন্দিৰ প্ৰাংগণত সদৌ লখিমপুৰ জিলা শিৱ মন্দিৰ সমন্বয় সমিতিৰ পঞ্চদশ বাৰ্ষিক বিশ্বশান্তি শিৱ প্ৰাৰ্থনা সভা প্ৰস্তুতিৰ সন্দৰ্ভত এখনি ৰাজহুৱা সভা বহে৷ৰাজ্যিক সমিতিৰ সভাপতি বিৰেন হাজৰিকাৰ পৌৰোহিত্যত বহা সভাত আগন্তুক দিনত কেনে ধৰণে শান্তি শৃংখলাৰে পঞ্চদশ বাৰ্ষিক বিশ্বশান্তি শিৱ প্ৰাৰ্থনা সভাখন অনুষ্ঠিত কৰিব পাৰে তাৰে বিষয়ে আলোকপাত কৰে লখিমপুৰ আৰু ধেমাজি জিলাৰ বিষয়ববীয়া সকলে৷ উদযাপন সমিতিৰ সভাপতি ধৰনী দলে আৰু সম্পাদক বিপুল পেগুক লৈ মুঠ ২৬ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়৷ লগতে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২৪,২৫ আৰু ২৬ তাৰিখ অসমীয়া ১১,১২ আৰু ১৩ ফাগুন মাহত অনুষ্ঠিত হৱলগীয়া বিশ্বশান্তি সভাৰ প্ৰস্তুতিইতিমধ্যে আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক বিপুল পেগুৱে আৰু আগন্তুক দিনত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে৷
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं