ধেমাজি জিলাৰ গোগামুখত সোৱণশিৰি নদীত একাংশ বন মাফিয়া চক্ৰই দিনে নিশাই অবৈধ ভাৱে ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। অবৈধ শিল ,বালিৰ মাফিয়া চক্ৰটো বিৰুদ্ধে ধেমাজি জিলাৰ বন বিভাগৰ তৎপৰ হৈ পৰিছে।
সোৱণশিৰি দিৰপাই বন খণ্ডৰ অন্তৰ্গত থকা সোৱণশিৰি মানিকা তামুলীৰ আৰু সোনাপুৰ কুৱেৰী মহল কেইটা বাৰিষা হোৱা বাবে বন্ধ ৰাখিছে বন বিভাগে। কিন্তু একাংশ শিল ,বালিৰ মাফিয়া চক্ৰই খৰালি সময়ত মহলকেইটা পৰা শ শ ঘন চি এম শিল বালি সংগ্ৰহ কৰি নদী খনৰ সংৰক্ষিত বনাঞ্চলৰ গছ বন ধ্বংস কৰি মজুত কৰি অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
সংৰক্ষিত বনাঞ্চলৰত মাফিয়া চক্ৰটোৱে ধেমাজি , লখিমপুৰ, মাজুলী লগতে বিভিন্ন অঞ্চলৈ চালান বিহীন ভাৱে ভাম্প , ট্ৰাক ,টেক্ট মহেন্দ্ৰ পিকাপ আদি জৰিয়তে সৰবৰাহৰ কৰি আহিছে। দিপাই বন খণ্ডৰ বন বিষয়াই অভিযান চলাই সুগ্ৰীৱ ভাৰতী নামৰ সৰবৰাহ কাৰীজনে মহৰিকেম্পঢৰ সোনাপুৰত মজুত থকাৰ শিল বালি স্থাপনৰ পৰা AS 07 AC 8195 আৰু AS 07 AC 2351নম্বৰৰ দুখন শিল ভৰ্তি ডাম্পাৰ জব্দ কৰি খণ্ড বন বিষয়া কাৰ্যালয়লৈ যায় আৰু A S 22 C 6695 নম্বৰৰ আন এখন ডাম্পাই চালান বিহীন ভাৱে চেনগ্ৰেভেল কঢ়িয়াই নিয়াৰ অৱস্থাত জব্দ কৰি গোগামুখ আৰক্ষী থানাত ৰাখে। ইফালে জব্দকৃত থাম্পা কেইখনৰ চালক আৰু বন বিভাগৰ মাজত হতাহতি হোৱা বুলিও জানিবলৈ দিয়ে।