গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীৰ টোপাতলীৰ ইষ্ট আপৰিকোলা প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হৈছে এটি হস্তনিৰ্মিত বন্দুক। 

অসম-মেঘালয় সীমান্তত বন বিভাগৰ লোকে উদ্ধাৰ কৰে বন্দুকটো। 

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বনকৰ্মীৰ এটা তহলদাৰী দলে ৭ জনীয়া চোৰাং চিকাৰীৰ দলৰ সৈতে মুখামুখি হৈছিল আৰু বনকৰ্মীক দেখা মাত্ৰেই ঘন জংঘলৰ মাজত বন্দুক এৰি সেই স্থানৰ পৰা চোৰাং চিকাৰীৰ দলটোৱে পলায়ন কৰে।

ইতিমধ্যে বন বিভাগে বন্দুকটো ক্ষেত্রী আৰক্ষী থানাত জমা দিয়ে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।