চিলাপথাৰত এজেৱাইচিপিৰ প্ৰয়াত ছাত্ৰ নেতা অনুপম বৰুৱাৰ প্ৰতিমূৰ্তি উন্মোচন, অগণন গুণমুগ্ধৰ অংশগ্ৰহণ

বিগত বছৰ নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জনাই ঘূৰি অহা পথত আজিৰ দিনটোতে এক মটৰ চাইকেল দূৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লৈছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিলাপথাৰ আঞ্চলিকৰ সভাপতি প্ৰয়াত অনুপম বৰুৱাই।আজি প্ৰয়াত অনুপম বৰুৱাৰ প্ৰথম মৃত্যু বাৰ্ষিকী তিথি। যুৱ ছাত্ৰ পৰিষদৰ সহযোগত পৰিয়ালৰ লোকে প্ৰয়াত বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে চিলাপথাৰ বৰপথাৰস্থিত নিজা বাসগৃহৰ চৌহদত স্মৃতি সৌধ লগতে এটি প্ৰতিমূৰ্তি নিৰ্মাণ কৰে আৰু তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । পিতৃ প্ৰদীপ বৰুৱা,মাতৃ প্ৰতিমা বৰুৱাৰ লগতে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, উপ-সভাপতি বিষ্ণু শৰ্মা, যুটীয়া সম্পাদক তপন শইকীয়া, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈকে ধৰি প্ৰায় অৰ্ধ সংখ্যক প্ৰয়াত বৰুৱাৰ শুভাকাংক্ষী,বন্ধু বৰ্গ,অঞ্চলৰ বহু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে।