১৯০০ চনলৈকে মানৱ বসতি গাওঁ হিচাবে থকা আৰু পিছলৈ মানৱৰ দ্বাৰা পৰিত্যক্ত হৈ অসমৰ স্বাভিমানৰ প্ৰতীক এটি খড়্গযুক্ত গড় আৰু ঢেকিয়াপতীয়া বাঘৰ বসতিস্থল হিচাবে সমগ্ৰ বিশ্বৰে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হিচাবে পৰিগণিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা বৰ্তমানৰ ৭৮.৮২ বৰ্গ কিলোমিটাৰৰ পৰিবৰ্তে মুঠ ২৯৯.১৪ বৰ্গ কিলোমিটাৰলৈ দ্বিতীয় সংযোজন হিচাবে বৃদ্ধি পালে ৷ অসমৰ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ২৫ আগষ্ট তাৰিখে প্ৰকাশ কৰা এফ আৰ ডব্লিউ.১৪/২০০৪/অংশ/৬৪ নং অধিসূচনা যোগে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰ আৰু দৰঙৰ দলগাওঁ ৰাজহ চক্ৰ এলেকাৰ মুঠ ২০০.৩২ বৰ্গ কিলোমিটাৰ এলেকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় সংযোজন হিচাবে ঘোষণা কৰাত প্ৰকৃতিপ্ৰেমী সকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে ৷

এই অধিসূচনা অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমা পূৱে শোণিতপুৰ জিলাৰ শিঙৰীৰ ইতিহাসপ্ৰসিদ্ধ গুপ্তেশ্বৰ মন্দিৰৰ সমীপলৈ, পশ্চিমে দৰং জিলাৰ শ্যামপুৰ আৰক্ষী থানাৰ সমীপলৈ, দক্ষিণে মৰিগাঁও আৰু নগাঁও জিলাৰ সীমা চুব ৷ অৱশ্যে উত্তৰে বৰ্তমানৰ সীমাৰ উপৰিও ঢেকিয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ কিছু অংশ সামৰি ল'ব ৷